Ugratara Devalaya: পঞ্চতীৰ্থৰ অন্যতম শক্তিপীঠ উগ্ৰতাৰা দেৱালয়

উগ্ৰতাৰা দেৱালয় আহোম স্বৰ্গদেউ শিৱ সিংহয়ে ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। ই এটা আহোম যুগৰ প্ৰতীক স্বৰূপ৷ এই ঐতিহাসিক মন্দিৰটি বৰ্তমানৰ গুৱাহাটীৰ উজান বজাৰৰ জোৰ পুখুৰী পাৰত অৱস্থিত৷ সতী দেৱীৰ প্ৰতি উৎসৰ্গিত উগ্ৰতাৰা মন্দিৰ কামাখ্যা মন্দিৰৰ পিছত এক গুৰুত্বপূৰ্ণ শক্তিপীঠ৷
এই মন্দিৰটো এক জনপ্ৰবাদ মতে সতীৰ মৃত্যুৰ পিছত যি ঠাইত সতীৰ নাভি পৃথিৱীত পৰিছিল সেই ঠাইতে এই মন্দিৰটো নিমাৰ্ণ কৰা হৈছিল৷ এই মন্দিৰত উদ্‌যাপিত উৎসৱ হল নৱৰাত্ৰি উৎসৱ৷ সেই সময়ছোৱাত দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে মাৰ আশ¹বাদ লবলৈ ধাপলি মেলে৷

Exit mobile version